পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন ]
২১
চক্ৰধ্বজসিংহ।

 প্ৰিয়ৰাম। চুপ্! চুপ্! ( গজপুৰীয়ানীক) যোৱা তুমি মোলৈকে ধপাত লগাই আনাগৈ, ইহঁতক দিব নেলাগে।

[গজপূৰীয়ানীৰ প্ৰস্থান।

টকৌৱে গায়--

গীত।

" ধুনীয়া ঔ ধিন্দৌদৌৱা।
তামাখু এচিলিম লগাই দিয়াঁ।
গজপূৰ-পূৰ:অনীয়া,
ডবা ধোৱাখোৱা
কি কৈ বধিলা?
মোৰে ধোৱাঁখোৱা,
কি কৈ বধিলা কোৱা। "

 (গজপুৰীয়ানীৰ ধোৱাখোৱা লৈ প্ৰবেশ। )

 গজপুৰীয়ানী। (প্ৰিয়ৰামক) ধৰক বোপা ডাঙৰীয়া! প্ৰিয়ৰামে গজপুৰীয়ানীৰ হাতৰপৰা ধোৱাখোৱাটো লৈ ধপাত খায়, আৰু গজপুৰীয়াক দিয়ে।

 গজপুৰীয়া। (ধপাত খাই) আজি ধপাতত চোক নাই। কিবা সেঙেতা সেঙেতা লাগিছে।

 প্ৰিয়ৰাম। আমালৈ আছে, তোলৈহে নাই।