পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

উঠিলে চাবুক লাগে। আমি ফটিকা নামৰ তাজী ঘোঁৰাত উঠিলোহঁক, কিন্তু হাতত চাবুক নাই।

 প্ৰিয়ৰাম। কি চাবুক?

 জপৰা। বোলোঁ ধপাতৰ চাবুক। এই চাবুক নহলে ঘোঁৰা নচলে।

 প্ৰিয়ৰাম। আন চাবুক!

 (এটাইকেটাই একেলগে “আন চাবুক” বুলি কিৰিলি মাৰি দিয়ে। )

 গজপুৰীয়ানী। কি মস্কিল! তোমালোকে এই দৰে কিৰি লিয়াই হাতী বাঘ খেদাইছা নে, নাই বিলত পল বাবলৈ গৈছাহঁক :

  টকৌ। - বিলত পল।

 প্ৰিযৰাম। - তই কি পল বাবি অ টকৌ? টকৌগুটীয়ে পল হে নালাগে জুলুকীৰ কাষলৈকে যাব নোৱাৰে, গলেই জুলুকীৰ বিন্ধাত সেমাই যাব।

 গজপুৰীয়া। নহলে বোকাত সোমাই আমাৰ গচকাত জোল হব।

 টকৌ। নহও জোল। বোকাত সোমাই গাজ মেলি গছ হৈ তহঁততকৈ ওখ হম।

 গজপুৰীয়া। "কুচ পৰোৱা নাই," সেই গছতে আমাৰ টোকোৰাই বাহ সাজি ওলমিবৰ হুকুম, আমাৰ ডেকাফুকন বোপাৰ