পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন,]
১৭
চক্ৰধ্বজসিংহ।

 জপৰা। তহঁতে কি জান?-মোৰ মূৰত চুলি যিমান, এই টোকোৰাৰ টোকোৰাণীও সিমান। --অৱশ্যে চিন-ছাব মৰা এজনী হে।

 প্ৰিয়ৰাম। সিহঁতে টোকোৰাক লথিয়াব কিয়?

 জপৰা। আমাৰ লৰা ভাল, সেইদেখি।

 গজপূৰীয়া। বোলোঁ জপৰা, তয়ো সেই টোকোৰাণীৰ জাকত আছিলি নে কি : সিহঁতৰ ফলিয়া হৈ জাকত সোমাই টোকোৰাৰ মূৰত চৰণ চলাই, তোৰ ভৰিটোও খোৰা কৰিলি নে কি?

 প্ৰিয়ৰাম। চুপ ৰও গজানন!তোৰ বৰ পেটৰ ওপৰত জপৰাই চৰণ চলাব চাূবি।

 টকৌ। সেই বৰ পেটৰ ওপৰত সি চৰণ চলাবলৈ গলে, দিখৌৰ পলসত বুঢ়ী গাই সোমোৱাদি সোমাই ৰব।

 গজপূৰীয়া। সেইদেখি জপৰা বুঢ়ী গাইক বিপদত পেলাবৰ হলে, সেই পলস শুকাবলৈ দিব নোৱাৰি; তাক লাওপানীৰ বলেৰে ঘনে ঘনে তিয়াই ৰাখিব লাগিব। কি কোৱাঁ ডেকাফুকন বোপা?

 প্ৰিয়ৰাম। " অলব "। লাও,লাওপানী! " টোইকেটাই একে বেলিয়েই লাও লাওপানী" বুলি চিয়ঁৰে আৰু খায়।

 জপৰা। ডেকাফুকন ডাঙৰীয়া, শাস্ত্ৰত কৈছে,—-ঘোঁৰাত