পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন]
১৯
চক্ৰধ্বজসিংহ।

পৰা, ইয়াৰ আগেয়েই হৈ গৈছে। তেনে হলে সি ফাচী কাঠত ওলমাৰ পৰা সাৰিব।

 জপৰা। আৰু সেই বাহতে টোকোৰাই কণী পাৰিবৰ হকুমটোও হৈ যাওক।

 টোকোৰা। তেন্তে তলত থকা তহঁতৰ মূৰত কিবাকিবি কৰিবৰ হুকুমটোৱেই বা বাকী থাকে কিয়? সেইটোও হৈ যাওক।

 গজপুৰীয়া। তাৰ আগতে ধপাত আনিবৰ হুকুমটোও হৈ যাওক, তেনেহলে ধপাত খাই আমি গা টঙাই লব পাৰিমহঁক।

 প্ৰিয়ৰাম। আন ধপাত!

  (আটাইকেটাই " আন ধপাত " বুলি চিয়ঁৰে। )

 গজপুৰীয়ানী। " আন ধপাত " কোনে? গজপুৰীয়ানী তোমালোকৰ বান্দী নহয়, বাৰে বাৰে ধপাত আনি দি থাকিবলৈ। মই ডেকাফুকন ডাঙৰীয়া বোপাক ধপাত লগাই আনি দিম, তোমালোকক নিদিওঁ।

 গজপুৰীয়া। মোক একা?

 গজপুৰীয়ানী। তুমি নো কিহৰ বাপু? তোমাকো নিদিওঁ।

 গজপুৰীয়া। কিয়? মোৰ সৈতেও পীৰিতিৰ কৰাল এৰাল নে? কোমল-তামোল দেখি বুঢ়া-তামোলটো দলিয়াই পেলালি নে কি?