পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

এবাৰ কোনোমতে দাউনি পালেই তাতে গাজ মেলি গছ হব আমাৰ টকৌ অমৰ।

 গজপুৰীয়া। টকৌৰ নহয় এটা গতি লাগিল, কিন্তু আমাৰ টোকাৰাৰ কি হল?

 প্ৰিয়ৰাম। টোকোৰাই সেই টকৌ গছতে বাহ লব। নহলে তাৰ কপালত যি আছে সেয়ে হব।

 গজপুৰীয়া। টোকোৰাৰ কপালখন ইমান আহল-বহল যে তাত তিনি পুৰা সিজোৱা ধান মেলি দিলেও, এছোৱা পৰিহে থাকিব।

 প্ৰিয়ৰাম। মুৰ্খ!টোকোৰাৰ মূৰ হে টপা,কপাল যে বহল নহয়, সেইটোৰো তোৰ ভু নাই নে?

 গজপুৰীয়া। বোলো, মূৰৰ চুলি সৰি টকলা হৈ সি কপা-লেৰে সৈতে, দীখৌৰে সৈতে, ব্ৰহ্মপুত্ৰ লগ লগাদি লগ লাগি বহল হৈ যোৱা নাই জানো?

 সিদ্ধিৰাম। সকলো চৰায়ে লবিয়াই লবিয়াই হেনো চৰাই টোকৰৰে মূৰ টকলা কৰিছিল। আমাৰ এই মানুহ টোকোৰাৰ নো মূৰটো কোনে লবিয়াই তেনে কৰিলে।

 জপৰা। দেশৰ টোকোৰাণীবোৰ!

 সিদ্ধিৰাম। টোকোৰাৰ টোকোৰাণী মুঠেই এজনী। আগলৈ চাবলৈকো নাই, পিছলৈ চাবলৈকো নাই। আকৌ "টোকোৰাণী-বোৰ" হল কৰপৰা?