পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন,]
১৫
চক্ৰধ্বজসিংহ।
[এটাইকেটাই "আন লাওপানী” বুলি একেলগে ‘চিয়ৰে'। গজপুৰীয়ানীকে
এহাতে এটেকেলি লাওপানী, আৰু আন হাতে তিনটা
বাটি লৈ প্ৰবেশ কৰি, প্ৰিয়ৰামৰ আগত থয়।
গজপুৰীয়াই ঢালি এটাই কেওটাকে
দিয়ে আৰু নিজেও খায়।

( টকৌ আৰু টোকাৰাৰ প্ৰবেশ। )

 টকৌ। (দুৰৰপৰাই) ৰাইজহঁত ঐ। এই বাইকত কেইটাই অকলৈ অকলৈ টেকেলিয়ে টেকেলিয়ে লাওপানী পিছে ঐ।

 টোকোৰা। নহয় নো কি বাৰু। আমি দুটা কৰবাতে থাকিলোঁ, এই খকুৱা কেইটাই লাওপানীতে সাতুৰি ফুৰিছে।

 প্ৰিয়ৰাম। বোলো মনে মনে থাক, মনে মনে থাক. নিচিয়ৰিবি। তহঁতেও সাতোৰ, আৰু লাওপানী খাই ঢকা ডিঙৰা লাগহঁক। তথাপি এই দৰে হায় ঔ বিয় নকৰিবি, মুখ লাগিব।

 গজপুৰীয়া। মুখ লাগে যদি লাগক, ঢেকীঁঠোৰাৰে মুখ ভাঙি দিম।

 টকৌ। ভাঙ ভাঙিবি, কিন্তু চাবি, মুখৰ বিন্ধাটো যেন মাৰ নেযায়। সেই পিনে লাওপানী বাকি দিলেই যেন সৰকি পেট পায় গৈ।

 গজাপুৰীয়া। লাওপানীৰ সোতে তাৰ লগতে টকৌ শুটি টোকে যে উটাই নিব, সেইটোৰ কি হব?

 প্ৰিয়ৰাম। উটাই নিয়ে যদি নিয়ক, হানি কি? টকৌৱে