পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
[ ১ম অঙ্ক
চক্ৰধ্বজসিংহ।

 প্ৰিয়ৰাম। গজনুৰ্ক! গাধ! মাহৰ ডুলি : সৰিয়হৰ ডুলি! ভগা ডুলি!—বোলোঁ পানীআলুৰ পানী গজপুৰীয়াৰ গাত পৰিব লাগিলে, গজপুৰীয়াৰ ইমান ডাঙৰ ধান-পুৰীয়া জুই-কুৰাই যে নুমাই যাব, সেইটো তোেৰ মনত খেলোৱা নাই নে?সেইদেখি পানী-পালু এইকুৰা জুইত নিদিওহঁক।

 গজপুৰীয়া। বোলোঁ ডেকাফুকন, মই মুৰ্খ নে কোন মুৰ্খ?মই যে একেবাৰেই ইমানবোৰ বস্তু হব নোৰাৰোঁ, সেইটো বুজিব নোৱৰাবোৰ নহয় নে? মই গজহস্তী হলে গাধ হব নোৱাৰোঁ। মাহৰ-ডুলি হলে সৰিয়হৰ-ডুলি হব নোৱাৰোঁ। সভাসদসকলক সন্তুষ্ট কৰিব লাগিলে, আমি কেউটাই ভাওবোৰ ভগাই লব লাগিব। ধৰা, মই যদি গজৰমুৰ্খৰ ভাও লব লাগিল, তেন্তে বোজা-বোৱা দীঘল কাণেৰে সেই চাই-ঠেঙীয়া জন্তুটোৰ ভাও তুমি লব লাগিব। সিন্ধিৰামে মাহৰ ডুলিৰ আৰু জপৰাই সৰিয়হৰ ডুলিৰ ভাও লওক। টোকোৰাক ভগা-ডুলিৰ ভাওটো দিয়া;আৰু টকৌক সৰিয়হ পাতা, তেহে কথাবোৰ খেও খাব। কিন্তু ভাও দিবলৈ যোৱাৰ আগেয়েই একোটোপা লাওপানী নেখালে যে ভাও ভালকৈ নোলায়, সেইটো তুমি ভবা নাই কিয়? নিৰামহীয়া মুখত ভাও ওলাওক চাৰি "আহে সভাসদলোক!" কথাষাৰেই নোলায়।

 প্ৰিয়ৰাম। তেন্তে "আহে গজপুৰীয়ান লোক!" আন লাওপানী! আন লাওপানী।