পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য়দৰ্শন,]
১৩
চক্ৰধ্বজসিংহ

 প্ৰিয়ৰাম। জ্বলি উঠে যদি উঠক, ভালেই হে। দীখৌৰ পাৰতে আমাৰ গজপূৰীয়াক তাৰ গাত জুই লগাই বহুৱাই থম; গোটেইখন গৰগাওঁ পোহৰ হৈ থাকিব-কি দিনত,কি ৰাতিত। তেনেহলে এন্ধাৰ ৰাতি কাকো জোৰও নলগা হব, চাকিও নলগা হব।

 জপৰা। তেনেহলে আমাৰ গজপুৰীয়া, গজপুৰীয়া গুচি গজ আৰিয়া হব।

 প্ৰিয়ৰাম। গজ-আৰিয়া নহয়,গজ জোৰ হব।

 সিন্ধিৰাম। তেনেহলে ৰাতি গজপুৰীয়া জোৰৰ পোহৰত চোৰে চুৰ কৰিব নোৱাৰা হব; এটাইখন ধৰা পৰি মৰিব।

 প্ৰিয়ৰাম। আৰু তেনেহলে গজপুৰীয়াই নিজেও চুৰ কৰিব নোৱাৰা হব : সি যলৈকে যায় তলকৈ জ্বলি পোহৰ হৈ যাব।

 সিন্ধিৰাম। তেনেহলে ভাল হে হব, এন্ধাৰতে গজপুৰীয়া ককায়ে গৃহস্থৰ বস্তু দেখা পাব।

 প্ৰিয়ৰাম। গৃহস্থইও সে তাক ধৰি বান্ধি ঢেকীঠোৰাৰে কোবাবলৈ দেখা পাব, সেইটো ভাবিছনে নাই?

 জপৰা। চোৰৰ যি গতি হয় হওক , মই হলে এই মেজিৰ জুইত আলু পুৰি খাম; মাঘৰ মেজিলৈ আৰু বাট নেচাওঁ।

 প্ৰিয়ৰাম। জপৰা-আলু নে মোৱা-আলু?

 গজপুৰীয়া। জপৰা-আলু. চীনা-আলু, মোৱা- আলু,কাঠ-আলু, ৰঙা-আলু, বগা-আলু, গুটী-আলু, আৰু এইবোৰৰ লগতে পানী-আলুও।