দ্বিতীয় দৰ্শন।
স্থান-গৰগাওঁ। গজপুৰীয়াৰ ঘৰ।
প্ৰিয়ৰাম, গজপুৰীয়া, সিন্ধিৰাম আৰু জপৰা।
গজপুৰীয়া। ডেকাফুকন বোপাদেও, দেশত নো এইখন কিহৰ গোলমাল লাগিছে।
প্ৰিয়ৰাম। দেশৰে সৈতে নো ৰাজপূৰৰ তিতা খেৰৰ মেজিটোৰ সম্পৰ্ক কি : গোলমাল লাগিছে যদি দেশত লাগিছে, খেৰৰ মেজিটোত তো আৰু লগা নাই;—সি তিতা মেজি, তিতা মেজি হৈয়েই আছে, তাত গোলমালৰ কথা দূৰৰ কথা,জুয়ো ' নেলাগে .
সিন্ধিৰাম। ডেকাফুকন ডাঙৰীয়াৰ কথাত কেনা লাগিছে।
জপৰা। কোন খিনিত নো কেনা লগা পালি অ সিন্ধি
সিন্ধিৰাম। কোন খিনিত পালো কওঁ শুন, --আমাৰ গজপুৰীয়া ককাই যদিও তিতা মেজি, কিন্তু পানীৰে তিতা নহয়,তেলেৰেহে তিতা। এই মেজিৰ জুইৰে সৈতে বৰ প্ৰনয়। জুইৰ জিভাই এই মেজিক কেনেবাকৈ এবাৰ পালেই চেলেকি পেলাই সামৰি থব; তেতিয়া বাখৌ নৈৰ পানী সোপাকে নি তাত ঢালিলেও সেই জুই নুনুমায়।
জপৰা। তাত লাওপানী ঢালিলে একা?
সিন্ধিৰাম। জুই নুমাওক ছাৰি ভমক কৰে জ্বলিহে উঠিব।