পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন,
১১
চক্ৰধ্বজসিংহ।

 বাইলুং। সৰ্গদেও-ঈশ্বৰৰ জয় বুলি মঙ্গলে কৈছে।

 দেওধাই। হয় সৰ্গদেও-ঈশ্বৰ, ময়ো পাইছোঁ তাকে।

 চক্ৰধ্বজ। বৰভৰালী বৰুৱাক। এওঁলোককো ভালকৈ ভোজনি আৰু ৰূপবান দি এতিয়াই সন্তুষ্ট কৰা হওক। পাটচালৈ পঠিয়াবলৈ বুলি যি সাতলাখ টকা বৰঙ্গনি তোলা হৈছিল, সেই টকা আৰু দিয়া নাযায়; তাৰে যুজৰ খৰচ চলোৱা যাব। আজিলৈ সভা ভঙ্গ কৰিলোঁ।

[প্ৰস্থান।