পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯ম দৰ্শন, ]
১৫১
চক্ৰধ্বজসিংহ।

নবম দৰ্শন।

স্থান—গুৱাহাটী।

কাল-পুৱা।

 বৰফুকন। বোপা প্ৰিয়ৰাম, সৰ্গদেৱলৈ চিঠিখন লেখা হল নে?

 (প্ৰিয়ৰামে চিঠি পঢ়ে )—

“শ্ৰীশ্ৰীহৰি।

গুৱাহাটী। ১২ কাতি।

শক ১৮৯০।

 “প্ৰবলপ্ৰতাপান্বিতযশোগৰিষ্ঠগুণৈকসিন্ধু মহাৰাজ শ্ৰীশ্ৰীশ্ৰীশ্ৰী– শ্ৰীশ্ৰীযুক্ত চক্ৰধ্বজসিংহ সৰ্গদেৱৰ শ্ৰীচৰণকমলেষু,

“সৰ্গদেও,

 বন্দীয়ে মছলমানক খেদি নি মানাহৰ সিপাৰ কৰি থৈ, সৰ্গ- দেৱৰ ৰাজ্যৰ সীমা মানাহৰ মুখলৈকে বহলাই তাত চকি আৰু ঘাট পাতি বহুত সেনা ৰাখি, সকলো বন্ধৱস্ত কৰি গুৱাহাটীলৈ উভতি আহিছোঁ। ঈশ্বৰৰ অনুগ্ৰহতে সৰ্গদেৱৰ যশষ্যাৰ উজ্জ্বল কিৰণ চাৰিউফালে বিকীৰ্ণ হৈছে। সকলো বৃত্তান্ত বন্দীয়ে সোন–