কালে গৈ নিজমুখে সৰ্গদেৱক জনাম বুলি সংক্ষেপকৈ এই চিঠি লেখিলোঁ। ইতি—
সৰ্গদেৱৰ ভৃত্য
শ্ৰীলাচিত বৰফুকন। ”
বৰফুকন। বেছ হৈছে। পঠিয়াই দে। —অ, ৰবি, আৰু এষাৰ কথা সৰ্গদেৱলৈ লেখিবলৈ আছে। মই কৈ থাকোঁ, তই লেখ। ( প্ৰিয়ৰামে লেখে )-“পুঃ;-গৰ বন্ধা শেষ নোহোৱা বাবে সেই- দিনা মোৰ মোমাইক কটাৰ বিষয়ে যে সৰ্গদেৱে শুধিছিল, তাৰ বিষয়ে কওঁ, যদি সেইদিনা সেই কাৰ্য্য়ত মোৰ বোপাই বা পো থাকিলহেঁতেন, তেওঁকো মই সেইবাবে তেনেকৈ কাটিলোঁ- হেঁতেন। সৰ্গদেৱে জানিব, সৰ্গদেৱৰ ৰাজ্য ৰক্ষা কৰিবৰ নিমিত্তে মোৰ মোমাইক বলি দিবৰ আৱশ্যক হৈছিল। নতুৱা সেই গৰ আৰু খাৱৈ ৰাতিৰ ভিতৰতে কেতিয়াও নহলহেঁতেন; আৰু পিছদিনা পুৱাই মছলমানে সেইফালেদিয়েই আহি সোমাই আমাক নিপাত কৰি আমাৰ দেশ ললেহেঁতেন নিশ্চয়। ”
(গজপুৰীয়াৰ প্ৰবেশ )
বৰফুকন। এইটো কোন? গজপুৰীয়া? কি হল? তোৰ যুজ এতিয়াও শেষ হোৱা নাইনে?
গজপুৰীয়া। (পচিমীয়া হাৱলদাবৰ দৰে হাতৰতলুৱা লুটিয়াই