সমললৈ যাওক

পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬ষ্ঠ দৰ্শন, ]
১৩৯
চক্ৰধ্বজসিংহ।

ষষ্ঠ দৰ্শন।

স্থান—আন্ধাৰু বালিত বৰফুকনৰ কোঠ।

কাল-দুপৰীয়া।

 (বৰফুকনে শয্যাত বহি বুঢ়াগোহাঁইৰে সৈতে কথা পাতিছে। )

 বুঢ়াগোহাঁই। বৰফুকন ডাঙৰীয়া, কালি ৰাতি বোলে আপেনাৰ জ্বৰ উঠিছিল? এতিয়া কেনে আছে?

 বৰফুকন। এতিয়া ভালে আছোঁ। কিন্তু গা হাত ভৰি- বোৰ বৰ বিষাইছে।

 বুঢ়াগোহাঁই। অপৰিমিত পৰিশ্ৰম কৰাৰ বাবে তেনে হৈছে। আজি ভালকৈ জিৰাওক। মনে মনে পাটীত পৰি শুই থাকক, আৰু জ্বৰ নাহে। দশমূলৰ ক্কাথ এটা কৰিবলৈ দিয়ক, তাৰে একোটোপা খাই থাকিব। নহলে অকল শেতকাপৰাৰ পানীকে খাব, পিয়াহ লাগিলে। লক্ষ্মীবিলাহৰ বৰীও খাব পাৰে, কিন্তু আজি নহয়; নতুন জ্বৰত পোনতে দৰব খোৱাটো ভাল নহয়। ডাঙৰীয়া আপুনি কিন্তু বৰ বুধিৰ কামটো কৰিলে,-বালিত যে দুশাৰীকৈ শালৰ খুটা পুতি তাত নগাঢাৰি পাতি, বালি দি যে এই গৰটো বন্ধালে, এইটো বৰ বুধিৰ কাম হল। বাস্তবিকতে আপোনাৰ বিচক্ষণ বুধিৰ শলাগ নলৈ নোৱাৰি।

 বৰফুকন। ৰামসিংহৰ কটকী পণ্ডিতৰায় মোৰ ওচৰলৈ