পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০
[ ৫ম অঙ্ক,
চক্ৰধ্বজসিংহ।

আহোঁতেই মই বুজিছিলোঁ যে ৰামসিংহই এই পিনেই তুৰুক্চোৱাৰ তুলি গুৱাহাটীত সোমাবলৈ চেষ্টা কৰিবৰ খুব সম্ভৱ। সেইদেখি মই দিনে ৰাতিয়ে মানুহ লগাই দি বালিত এই গৰটো বন্ধালোঁ। - ( হঠাৎ কঁপি) উস্ মোৰ দেখোন আকৌ তিৰ্ কপে জ্বৰ উঠি আহিছে!

 বুঢ়াগোহাঁই। ভয়ানক পৰিশ্ৰমত। অলপ শোৱক। বেজ- বৰুৱাক মতাই পঠিৱা যাওক। —হেৰ বোপা প্ৰিয়ৰাম, এইপিনে আহাঁচোন।

(প্ৰিয়ৰামৰ প্ৰবেশ)

দেউতাৰাৰ বৰকৈ আকৌ জ্বৰ উঠি আহিছে, গাত নিহালি কাপোৰ- কানি জাপি দিয়াঁ। বেজবৰুৱাক মাতিবলৈ মানুহ পঠিয়াই দিয়াঁ। এতিয়াই। (প্ৰিয়ৰামে দেউতাকৰ গাত কাপোৰ দিয়ে। )

( দুৱৰীৰ প্ৰবেশ

 দুৱৰী। ( আঠু লৈ) ডাঙৰীয়া দেউতা, পানীফুকনে এটা মানুহ পঠিয়াই দিছে, কিবাহেনো বৰ দৰ্ কাৰী কথা আছে।

 বৰফুকন। আহিবলৈ দে।

[ দুৱৰীৰ প্ৰস্থান।

(মানুহটোৰ প্ৰবেশ )

 মানুহটো। (আঠু লৈ) ডাঙৰীয়া দেউতা, বৰ আথান্তৰ