পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৰ্শন, ]
১৩৭
চক্ৰধ্বজসিংহ।

অন্ততঃ গধূলিকৈ যেন খবৰ পাওঁ।

 মাধৱচৰণ। নিশ্চয় হজুৰ! কাইলৈ নহলেও, পৰশুইলৈ ঠিক পাব।

[ মাধৱচৰণৰ প্ৰস্থান।

 ৰামসিংহ। গুৱাহাটী অসমীয়াৰ হাতৰপৰা উদ্ধাৰ কৰিব নোৱাৰি এই দৰে হাৰি উভতি যাব লাগিলে মই আৰু বাদস্য়াৰ আগত মুখ দেখুৱাব নোৱাৰোঁ।

 নচৰৎখাঁ। জোনাব।

 বইৰামদেও। আমি গুৱাহাটী লৈ হে এৰিম, হজুৰ।

 নচৰৎখাঁ। বেচক্।

 ৰামসিংহ। কোনে জানে কি হয়? মইতো একপ্ৰকাৰ নিৰাশ হৈছোঁ। এতিয়ালৈকে মইতো একো এটা উপায় কৰিব নোৱাৰিলোঁ।

 নচৎখাঁ (মূৰ দুপিয়াই। জোনাব।

 ৰামসিংহ। (কিছুপৰ ভাবি) পণ্ডিতৰায়ে বৰফুকনক দেখা কৰিবলৈ দোপ্দৰলৈ যাওঁতে দেখি আহিছিল যে গুৱাহাটীলৈ, সেই পিনে ঘোৰা তুলিব পাৰি। ব্ৰহ্মপুত্ৰইদি উজাই গুৱাহাটীত উঠিবৰ চেষ্টা কৰাৰ বাহিৰেতো আৰু বাট নেদেখোঁ। অসমীয়া বামুণ মাধৱচৰণে যে কিবা কৰিব পাৰিব, এনে আশা নাই। লাচিত বৰ শক্ত লোক; বহুত হুচিয়াৰ, বৰ দীৰ্ঘদৰ্শী। -কাইলৈ