ৰামসিংহ। দেখক, মাধৱচৰণ জী, মই আপোনাতে সৰ্ব্ব ভাৰসা কৰিলোঁ। যাতে এই কাৰ্য্য় উদ্ধাৰ হয় কৰিব।
নচৰৎখাঁ। ( মূৰ দুপিয়াই) বেচক্।
ৰামসিংহ। মই আপোনাক আৰু কওঁ, যে এই কাৰ্য্য় সিদ্ধিৰ নিমিত্তে আৰু কাৰবাক ভেটি দিব লাগিলে তালৈকে মই প্ৰস্তুত আছোঁ। আপুনি মোক জনালেই হল।
নচৰৎখাঁ। (মুৰ দুপিয়াই) বেচক্।
মাধৱচৰণ। মই প্ৰাণপণে চেষ্টা কৰিম হজুৰ। কাইলৈ, বা পৰশুইৰ ভিতৰতে মই কি কৰিব পাৰোঁ হজুৰে জানিবলৈ পাব। (স্বগত) লাচিত বৰফুকন কি পদাৰ্থ মই জানো। মোৰ সাধ্য কি যে এনে প্ৰস্তাৱ মই তেওঁৰ আগত কৰোঁ? এনে কথা তেওঁক কলে, মোক মছলমানৰপৰা ভেঁটিখোৱাটো বুজি দোছোৱাকৈ কাটিব। যিটো মানুহে নিজৰ মোমায়েককে এক মুহুৰ্ত্তৰ ভিতৰতে কাটিলে। —পিছত যিহয় হব, সম্প্ৰতি তো ইহঁতৰ পৰা যি পাওঁ উলিয়াই লওঁ। ( প্ৰকাশ্যে ) হজুৰ নিশ্চিন্ত হৈ থাকক, মই কি কৰিব পাৰোঁ চাওঁ।
বইৰামদেও। এই আসাম দেশত বহুত পণ্ডিত আৰু শুদ্ধ চৰিত্ৰৰ ব্ৰাহ্মণ আছে। আগেয়ে আমি এইটো নাজানি ভুলকৈ ভাবিছিলোঁ—আসাম মুৰ্খ জঙ্ঘলী মানুহৰ দেশ বুলি।
নচৎখাঁ। (মূৰ দুপিয়াই) বেচক্।
ৰামসিংহ। বাৰু এতিয়া যাওক পণ্ডিতজী। মই কাইলৈ