পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৰ্শন, ]
১৩৫
চক্ৰধ্বজসিংহ।

পঞ্চম দৰ্শন।

স্থান-ৰামসিংহৰ কোঠ।

কাল---ৰাতি।

(ৰাসসিংহ, নচৰৎখাঁ, বইৰামদেও, আৰু মাধৱচৰণ কটকী)

 ৰামসিংহ। মাধৱচৰণ জী, আপুনি ব্ৰাহ্মণ, মই ক্ষত্ৰিয়। ব্ৰাহ্মণ ক্ষত্ৰিয়ৰ পূজ্য। এনেস্থলত মই আপোনাক ঠিক কৈছোঁ, যে আপুনি যদি বৰফুকনক বুজাই-বৰাই কোনোমতে গুৱাহাটীখন আমাক এৰি দিয়াব পাৰে, তেন্তে মই আপোনাক ৫০,০০০\ টকা দিম। এতিয়াই মই আপোনাক এই ৫০০\ টকা আগ-ধন দিলোঁ, আপুনি লৈ যাওক। (ৰূপৰ টোপোলা এটা দিয়ে)। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, মুখৰ “জবান” কি বস্তু আপুনি নিশ্চয় জানে।

 বইৰামদেও। মাধৱচৰণ জী পণ্ডিত ব্ৰাহ্মণ, নিশ্চয় তেওঁৰ সেই কথা জনা আছে।

 নচৰৎখাঁ। বেচক্।

 মাধৱচৰণ। (ৰূপৰ টোপোলাটো লৈ, কাষতে থৈ ) হজুৰ! যাতে আপোনাৰ কথা ৰাখিব পাৰোঁ, মই সাধ্যমতে তাৰ চেষ্টা কৰিম। আমি বামুণ কেতিয়াও আগুণকাৰী নহওঁ। আপুনি মান্ধাতাৰ বংশৰ ক্ষত্ৰিয় ৰজা; ব্ৰাহ্মণক সদায় আপোনাসকলে অন্ন-বস্ত্ৰ দি প্ৰতিপালন কৰি আহিছে।