পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৰ্শন, ]
১৩৩
চক্ৰধ্বজসিংহ।

দুই পক্ষৰ অনেক হানি হৈছে; আৰু ক্ষতিলৈ গৈ লাভ কি? বিশেষ, তেওঁ আপোনাসকলৰ ৰণ-কৌশল, সাহ, আৰু বীৰত্ব দেখি পৰম প্ৰীতি লাভ কৰিছে। মোক বিশ্বাস কৰে যদি কওঁ বৰফুকন ডাঙৰীয়া, সেনাপতি ৰামসিংহই নিজ মুখে কোৱা মই শুনিছোঁ যে-“মই আচৰিত মানিছোঁ যে প্ৰত্যেক অসমীয়া সেনাই নাও বাব পাৰে, কাঁৰ মাৰিব পাৰে, মাটি খানিব পাৰে, আৰু তোপ মাৰিব হিলৈ মৰিব পাৰে। এনেকুৱা সকলো কামতে নিপুণ সেনা মই ভাৰতবৰ্ষৰ কোনো ঠাইতে দেখা নাছিলোঁ। ”

 বৰফুকন। তোমালোকৰ সেনাপতিক কবাঁ, দিল্লীৰ পাটচাৰ ক্ষত্ৰিয় ৰাজপুত সেনাপতি মহাবীৰ ৰামসিংহৰ মুখৰপৰা আমাৰ সেনাৰ এনে প্ৰশংসা নিশ্চয় লাখটকীয়া। এনে সেনাৰ সেনাপতি হবলৈ পাই বাস্তবিকতে মই নিজক গৌৰৱান্বিত বিবেচনা কৰিছোঁ। কিন্তু তেওঁৰ প্ৰস্তাৱৰ বিষয়ে, মই আমাৰ ৰজাক নজনোৱাকৈ একো উত্তৰ দিব নোৱাৰোঁ। মই সৰ্গদেৱলৈ এই কথা জনাই পঠিয়াম, সৰ্গদেৱৰ ইচ্ছামতেই কাৰ্য্য় হব। মই তেখেতৰ আজ্ঞাবহ ভৃত্য মাথোন। সৰ্গদেৱৰপৰা উত্তৰ পালেই সেনাপতিক জনোৱা হব বুলি কবা।

[ পণ্ডিত ৰায়ৰ প্ৰস্থান।

 (বুঢ়াগোহাঁইক) ডাঙৰীয়া, মোৰ মনেৰে আমি এই প্ৰস্তাৱ গ্ৰহণ কৰাটো একোতে উচিত নহয়। গুৱাহাটী এৰি দিলেই, মছলমানে