পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
[৫ম অঙ্ক,
চক্ৰধ্বজসিংহ।

হে সৰ্গদেৱক দিয়াটো ভাল।

 শ, খো, গো,। হয় দেউতা, মোৰ মনেও তাকে কৈছে।

 বৰফুকন। বাৰু, আপোনাসকলৰ অভিমত মতেই চলা হব।

( দুৱৰীৰ প্ৰবেশ)

 দুৱৰী। ৰামসিংহ সেনাপতিৰ ওচৰৰপৰা পণ্ডিতৰায় নামে এজন কটকী আহিছে, ডাঙৰীয়া দেউতাৰে সৈতে দেখা কৰিব খোজে।

 বৰফুকন। আহক।

( দুৱৰীৰ প্ৰস্থান।

(পণ্ডিতৰায় কটকীৰ প্ৰবেশ)

 পণ্ডিতৰায়। (চেলাম কৰি) বৰফুকন ডাঙৰীয়া, বাদস্য়াৰ প্ৰধান সেনাপতি মহাবীৰ ৰাজা ৰামসিংহই মোক আপোনাৰ ওচৰলৈ এটা প্ৰস্তাৱ কৰি পঠিয়াইছে। ডাঙৰীয়াৰ অনুমতি হলে জনাব পাৰোঁ।

 বৰফুকন। কোৱাঁ।

 পণ্ডিতৰায়। সেনাপতি ৰামসিংহই কৈছে যে আপুনি গুৱাহাটীখন বাদস্য়াক এৰি দিয়ক। গুৱাহাটীত গৰ মৰা খৰচৰ বাবে আপুনি তেওঁৰপৰা তিনি লাখ টকা লৈ এই যুজ শেষ কৰক।