এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন, ]
১২৯
চক্ৰধ্বজসিংহ।
যাব, বোপাদেউতা, মানুহে কৰিব পৰাটো কৰিছে। ” এই কথা শুনি বৰফুকন ডাঙৰীয়াই—“মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি খাপৰপৰা তৰোৱালখন উলিয়াই, তৎক্ষণাত মোমায়েকক দোছোৱা কৰি কাটিলে! ঠিক বামুণৰ গাত লগুণডাল যেনেকৈ থাকে, তেনেকৈ মোমায়েক কোবত দোছোৱা হল, সৰ্গদেও। এই ভয়ানক কাৰ্য্য় দেখি সেই বনুৱা মানুহবোৰৰ গাত, সৰ্গদেও, কি দৈবিক শক্তি লম্ভিল কব নোৱাৰি, সিহঁতে অসাধ্য সাধন কৰিলে,—মৰ-জাহ দি কাম কৰি ৰাতিৰ ভিতৰতে গৰ আৰু খাৱৈ কৰি উলিয়ালে।
চক্ৰধ্বজ। ইস্ ইস্! হয় নে? কি কামটো বৰফুকনে কৰিলে একা! মোৰ এজন ডাঙৰ বিষয়া, তাতে তেওঁৰ মোমা- য়েক, তেওঁক এইদৰে অলপ কথাতে কাটিলে!—কাকতী, সেই চিঠিখনতে তলত এফাকি লেখি বৰফুকনলৈ শোধাঁচোন, তেওঁ কিয় এনেটো কাম কৰিলে? মই বেয়া পাইছোঁ বুলি লেখা।
- (কাকতীয়ে কটকীৰ হাতৰপৰা চিঠিখন আনি সেই কথা
- লেখি আকৌ কটকীৰ হাতত দিয়ে। )
- (কাকতীয়ে কটকীৰ হাতৰপৰা চিঠিখন আনি সেই কথা
আজিলৈ সভা ভঙ্গ কৰা গল।
[ প্ৰস্থান।
_________
- ৯