পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
[ ৫ম অঙ্ক,
চক্ৰধ্বজসিংহ।

চতুৰ্থ দৰ্শন।

স্থান-দোপদৰ। বৰফুকনৰ কোঠ।

কাল-আবেলি।

 (বৰফুকন, বুঢ়াগোহাঁই, প্ৰিয়ৰাম আৰু শদিয়াখোৱা গোহাঁই। )

 বৰফুকন। বোপা প্ৰিয়ৰাম, দলিবাৰীৰ ৰণত আমাৰ মানুহ কিমান পৰিল, আৰু এই ৰণৰ আন আন খবৰো মোক ভালকৈ কচোন?

 প্ৰিয়ৰাম। দেউতা, আমাৰ সৈন্যই ততাতৈয়াকৈ গৰৰ ভিতৰৰপৰা ওলাই দলিবাৰীতে মছলমানেৰে সৈতে যুজ কৰিবলৈ বুলি সিহঁতক খেদি গলত, মছলমান সেনা কিছু পিছ-হুহঁকি গল। আমাৰ সেনা যেতিয়া আৰু আগ বাঢ়িল, তেতিয়া মছলমানৰ তুৰুক-চোৱাৰী সেনা বিজুলীৰ বেগেৰে আহি আমাৰ সেনাৰ ওপৰত পৰি আমাৰ সেনাক মোহাৰি পেলালে। এই একে দিনৰ যুজতে আমাৰ দহ হেজাৰ সেনা নিপাত হল দেউতা। বাকীখিনি হুহঁকি আহি আকৌ গৰৰ ভিতৰত সোমাইহে ৰক্ষা পৰিল।

 বৰফুকন। (বেজাৰ কৰি) মই ইমানকৈ সৰ্গদেৱলৈ জনাই পঠিয়ালোঁ, যে যি ঠাইত ৰামসিংহই কোঠ দি আছে, আমি গৰৰপৰা ওলাই গৈ সেই ঠাইত ৰামসিংহক আক্ৰমণ কৰিলে