কাকত, কাপ, মুহী আনা, এতিয়াই এই কটকীৰ হাততে বৰফুকনলৈ চিঠি লেখি দিয়াঁ, যে আমাৰ অনতিবিলম্বে দলিবাৰীৰ কোঠলৈকে আগবাঢ়ি গৈ ৰামসিংহক আক্ৰমণ কৰিব লাগে। এই কথাৰ যেন অন্য়থা নহয়।
- (বৰকাকতীয়ে চিঠি লেখি ৰজাক পঢ়িবলৈ দিয়ে আৰু ৰজাৰ চহি লৈ
- কটকীৰ হাতত চিঠিখন দিয়ে। )
- (বৰকাকতীয়ে চিঠি লেখি ৰজাক পঢ়িবলৈ দিয়ে আৰু ৰজাৰ চহি লৈ
কটকী। সৰ্গদেৱ ঈশ্বৰ, এই যুদ্ধৰ আগ দিনাই ঘটা এটি ঘটনাৰ কথা সৰ্গদেৱক জনাওঁ, কাৰণ বন্দীৰ কৰ্তব্য। ---গুৱাহাটীৰ- পৰা তিনি ক্ৰোশমান পশ্চিমে যি গৰ বন্ধোৱা হৈছিল, বৰফুকন ডাঙৰীয়াই নিজৰ মোমায়েকক সেই গৰ বন্ধা কাম চাবলৈ নিযুক্ত কৰিছিল। মছলমান সৈন্য তেতিয়া আগিয়াঠুটিত। ৰাতি পুৱালেই যুজ লাগিব। ৰাতিপুৱাবৰ আগেয়েই গৰ আৰু খাৱৈ সম্পূৰ্ণ হব লাগিব। গধূলি বৰফুকন ডাঙৰীয়াই সেই কাম চাবলৈ আহি দেখিলে যে কামৰ আধাও হোৱা নাই। বৰফুকন ডাঙ- ৰীয়াই মোমায়েকক শুধিলে-“মোমাইদেও, দেখোন কথা বিসঙ্গতি! কাইলৈ পুৱাই যুজ, আৰু এতিয়াও গৰ আৰু খাৱৈ আদখিমিয়াহে?” মোমায়েকে উত্তৰ দিলে-* বোপাদেউতা, চোৱাচোন, দিনে ৰাতিয়ে কাম কৰি মানুহবোৰ লবেজান হৈছে, সিহঁতে কোনোমতে কৰি শেষ কৰিব পৰা নাই। কিনো কবা