পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন, ]
১২৭
চক্ৰধ্বজসিংহ।

লেখ্ চাই আছিল। সিহঁত কোঠ মৰাত ব্যস্ত হৈ থাকোতেই বুঢ়াগোহাঁয়ে আমাৰ সেনা ফেটাই দি সিহঁতক ছেদেলি-ভেদেলি কৰি পেলালে। তাতে ৰামসিংহৰ বহুত সেনা হানি হল। বহুত মৰিল, অনেক বন্দী হল, আৰু সৰহ ভাগ পলাই সাৰিল। ইয়াৰ পিছত ৰামসিংহই ভাটীৰ ফালৰপৰা গুৱাহাটী লব পৰাৰ কোনো আশা নেদেখি, উজাই দৰঙ্গেদি সোমাবৰ মনেৰে দৰঙ্গৰ ফালে আগ বাঢ়িল। বন্দীয়ে তাৰ আগেয়েই সেই আশঙ্কা কৰিছিলোঁ। সেইদেখি দৰঙ্গৰ ৰাণীৰ লগত আমাৰ অনেক সেনা দি তেওঁকো সাজু কৰি ৰাখিছিলোঁ। ৰামসিংহই দৰঙ্গৰ সীমাত ভৰি দিব খোজা মাত্ৰকতে, ৰাণীয়ে মানা কৰি পঠিয়ালে। দৰঙ্গৰ সীমাতো তুমুল যুজ লাগিল, আৰু বহুত মছলমান সেনা ৰণত পৰিল। সেইখন যুজতো হাৰি, ৰামসিংহই জোৰ আৰু অপমান পাই মৰাৰ তুল্য হৈ, তাৰপৰা উভতি আহি এতিয়া দলিবাৰী-পচৰিয়াত কোঠ দি আছেহি। ইতি

“সৰ্গদেৱৰ ভৃত্য

শ্ৰীলাচিত বৰফুকন। ”

 চক্ৰধ্বজ। ঈশ্বৰৰ অনুগ্ৰহ। কিন্তু এই সুবিধা এৰি দি আমাৰ আৰু লেহেম কৰাটো উচিত নহয়। মচলামনক জিৰাবলৈ দিব নোৱাৰি; দিলেই সিহঁত আকৌ শকত হৈ উঠিব। বৰকাকতী,