পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
[ ৫ম অঙ্ক,
চক্ৰধ্বজসিংহ।

 ৰচিত খাঁ। ৰামসিংহক কৈ দে, তাক কবৰ দিয়ক। --অ মই ভুল কৰিছোঁ, তাক খৰি দিবলৈ ক। “আচ্ছা, আভি যাও। —চিৰজি লাও! গান গাও। (নটীক) ওহি গান গাও, গিয়া দফে যো হামুকু শুনায়া --“খৰুটী খোণাইক”—ওহি গান। ” (ৰচিতখাঁই মদ খায় )।

 নটীয়ে গায়--

(গীত)

“পৰ্ব্বতে পৰ্ব্বতে  বগাব পাৰোঁ মই,
লতা বগাবলৈ টান।
সৰুটী সোণাইক ভুলাব পাৰোঁ মই,
তোমাক ভুলাবলৈ টান। ”

 ৰচিতখা। বহুত আচ্ছা! বহুত আচ্ছা!

( ডিঙিৰ সোণৰ হাৰ শোলোকাই নটীক দিয়ে; আৰু বাৰে বাৰে
মূৰ দুপিয়াই “বহৎ আচ্ছা”, “বহুৎ আচ্ছা” কৰে। )
( দুৱৰীৰ প্ৰবেশ আৰু দুৱৰীৰ পিছে পিছে ৰামসিংহৰ ওচৰৰ
পৰা দ্বিতীয়বাৰ অহা দূতৰ প্ৰবেশ। )

 ৰচিতখাঁ। (দৃতক) “তোম কোন হ্য়ায়? ক্যা মাংতা?”

 দুত। বৰসেনাপতি ৰাজা ৰামসিংহৰ আদেশ, আপুনি