পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন,]
১১৮
চক্ৰধ্বজসিংহ।

 দুৱৰী। হজুৰ, সেনাপতিৰ দুতে কৈছে বোলে বৰ জৰুৰী, কথা আছে, এতেকে হজুৰৰ সৈতে এতিয়াই দেখা নকৰিলে নহয়।

 ৰচিতখাঁ। (দুৱৰীক) তাক তাৰ ৰামসিংহৰে সৈতে এতি য়াই ব্ৰহ্মপুত্ৰত বুৰাই দে! "আচ্ছা আনে দেও। ”

[ দুৱৰীৰ প্ৰস্থান।

( দূতৰ প্ৰবেশ )

 দূত। সেনাপতি ৰাজা ৰামসিংহই আপোনাক এতিয়াই লৰালৰিকৈ মাতিছে।

 ৰচিতখাঁ। কোন ৰাজা ৰামসিংহ?

 দূত। প্ৰধান সেনাপতি ৰাজা ৰামসিংহ।

 ৰচিতখাঁ। “তোমাৰা প্ৰধান সেনাপতিকু দৰিয়ামে গিৰাই দেও!” দিল্লীৰ বাহে মোক মাতিয়ে নে নাই?

 দূত। বাদস্য়াহ ইয়াত কত? সেনাপতি ৰাজা ৰামসিংহ হে ইয়াত আছে।

 ৰচিত। ৰাতি মই নাখাই নুশুই তোৰ সেনাপতিৰ ওচৰত হাজিৰা দিব লগীয়া হল নে? মই তোৰ সেনাপতিৰ গোলাম নহওঁ। -আচ্ছা, কিয় মাতিছে?

 দূত। সেনাপতি ৰামসিংহৰ কোঠত এতিয়াই অসমীয়াৰ বৰহিলৈ গুলি এটা পৰি, সেনাপতিৰ ভতিজাক মৰিল।