পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( দুৱৰীৰ প্ৰবেশ )

 দুৱৰী। হজুৰ! সেনাপতি ৰাজা ৰামসিংহৰ ওচৰৰপৰা হজুৰৰ কাষলৈ এজন মানুহ আহিছে। হজুৰৰ সৈতে দেখা কৰিব খোজে!

 ৰচিতখাঁ। (দুৱৰীৰ কথালৈ কাণ নিদি) “আৰে ক্যা বাত! ক্যা বাত! লাও চিৰাজি! ফেৰ গাও। ”

 নটায়ে গায়--

(গীত)
(১)
সোণ বৰণীয়া  কেতেকী ধুনীয়া,
গোন্ধত আমোল্-মোল্,
পদুম বুলি পৰি বন্দী হল ভোমোৰা,
কি ভুল! কি ভুল! ভুল!
(২)
কণা কৈলে ৰেণু, কেনেকৈ উৰিবি,
কাঁইটে বিন্ধিলে পাৱ।
সুখ-সৰোবৰ পাৰি দি যাওঁতে
মাড়তে বুৰালি নাও!
(হেৰ ভোমোৰা) মাজতে বুৰালি নাও!