পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন, ]
১১৭
চক্ৰধ্বজসিংহ।

মৰম-ভচমত   প্ৰেম উপজিব,
পুনু হিয়া লব দান।
ওৰে ৰাতি প্ৰিয়  থাকিম উজাগৰে,
শোক-শৰাসন পাতি।
অন্তৰ মথক   আশা নিৰাশাই,
পুৱাব দীঘল ৰাতি।

 ৰচিতখাঁ। (মদৰ ৰাগিত মূৰ জোকাৰি ২) মেৰিজান! খব্চুৰট! লাও চিৰাজি! ফেৰ গাও!"

 নটীয়ে গায়-

( গীত)

মৰম দোলেৰে  বান্ধি দুটি ভৰি,
 হেচুকি বুলিছা কটু।
চেনেহ-চাকিটি  হিয়াত লুকাই,
 অন্ধলা কৰিছা চকু।
খোৰা কণা কৰি  দূৰলৈ ঠেলিছা!
 নিঠুৰ প্ৰেমৰ বিধি।
জুইত প্ৰাণ সঁপি  চগাই সুখ পায়;
 তাতেই হে চগাৰ সিধি।

 ৰচিতখাঁ। (মূৰ জোকাৰি)। “আৰে ক্যা বাত! ক্যা বাত!"