পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

আছে, তাকো সুবিধামতে দিবলৈ আমি যে সাজু নহওঁ এনে নহয়। সম্প্ৰতি দেশত ডাঙৰ আকাল হৈ যোৱা বাবে ভঁৰালত ধন কম আছে; লাহে লাহে দেশৰ অৱস্থা ভাল হলে, আৰু ভঁৰালত যথোচিত ধন সোণ গোট খালে, বাকীখিনিও পৰি নেথাকে। আৰু হাতী পঠিয়াবলৈ যে লেখিছে, এতিয়া আমাৰ যি হাতী ধৰা আছে, সেইবাৰক ভালকৈ শিকোৱা হোৱা নাই; গতিকে সেইবোৰ পঠাবৰ আযোগ্য়। পঠালেই পাটচাই কব “কণা কুকুৰাক পতান ধান দি ভাৰিছে " বুলি। পিছত ভালকৈ শিকাইমেলি হাতী পঠিয়াবৰো কলে যোৱা নাই। আমাৰ দেশৰ অৱস্থা আগৰ থানাদাৰ ৰচিদখাঁই ভালকৈ জানিছিল, সেইদেখি তেওঁ ফিৰুজখাঁ মিঞা চাহাবৰ নিচিনা বিতত আৰু অবিবেচক হোৱাও নাছিল।

 দূত। সৰ্গদেও,আমাৰ পাওনা টকা আৰু হাতী দিব লাগে দেখি সধা গৈছে। দিব নুখুজিলা নিদিও বুলি কব লাগে। তাকে খুলি নকৈ ইমানবোৰ ঘূৰোৱা পকোৱা কথা কবৰ অৱশাক কি?

 বুঢ়াগোহাঁই। মনে মনে থাকা, মনে মনে থাকা, এইখন তোমাৰ পাটচাৰ মলুক নহয় জানিবা।

 দূত। আউৰেংজীৱ বাদসাহৰ দূতে আসামত মনে মনে থাকি লোকৰ কথা শুনি যাবলৈ অহা নাই।

  বৰপাত্ৰগোহাঁই। চুপ,চুপ,বৰ গপ-গপকৈ কথাবোৰ কৈছা দেখোন? তুমি কাৰ আগত এনেকৈ কথা কৈছা জানিছা নে?