পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন]
চক্ৰধ্বজসিংহ।

 দূত। জানিছো; এনে দেশৰ ৰজাৰ আগত কৈছোঁ, যাৰ ৰজাই দিব লগীয়া টকাও নিদিয়ে আৰু মুখৰ “জবানও ঠিক নেৰাখে!

 বৰপাত্ৰগোহাঁই। হেৰ কোনো নাইনে ইয়াত, ইয়াক ধৰি এসেকা দিবলৈ? ইয়াৰ দেখোন বৰ গপ-গপ কথা!

 বুঢ়াগোহাঁই। ( বৰপাত্ৰক ) হৈছে, হৈছে, আৰু একো কব নেলাগে। দূত অবধ্য়, অদণ্ডনীয়। ( দূতক) তুমি তো সৰ্গদেৱৰ উত্তৰ পালা; এতিয়া যোৱাগৈ। ইয়াৰ পিছত আমি আৰু ভাবি চিন্তি আমাৰ ফালৰপৰা সৱিশেষ তোমাৰ মালিকলৈ লেখি পঠিয়াম।

 দূত। বেছ কথা। বন্দেগী জোনাব। বন্দেগী সৰ্গদেৱ!

[দূতৰ প্ৰস্থান।

 বৰগোহাঁই। সৰ্গদেও, কাৰ্য্য়টো বৰ ভাল হল যেন মোৰ মনে নধৰিলে। ইয়াৰ ফল আকৌ যুদ্ধ।

 চক্ৰধ্বজ। হানি কি?

 বৰগোহাঁই। হানি বিস্তৰ সৰ্গদেও। মছলমানৰে সৈতে আগৰ ধন যুজতে আমাৰ দেশৰ ককাল পৰিল বুলিব লাগে। “ভূতৰ ওপৰতে দানহ” ---তাৰ উপৰি গত বছৰৰ বৰ আকাল। দেশত হাহাকাৰ এতিয়াও ভালকৈ গুচা নাই। এনে স্থলত আকৌ এখন ডাঙৰ যুদ্ধ মছলমানৰে সৈতে তৰি লব লাগিলে আমাৰ ফালে ভাগৰ পালি হৈছে আৰু।