সমললৈ যাওক

পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন,]
১০৩
চক্ৰধ্বজসিংহ।
[শ, খো, গোহাঁই আৰু ফুকননীৰে হাঁহে। চেনেহীয়ে ৰূপহীক
মাৰিবলৈ উঠে। শ, খো, গোহাঁয়ে চেনেহীক
হাতত ধৰি ৰখায়। ]

 ফুকননী। কি দুষ্ট ছোৱালীজনী! ভাল নাম এটা গাবলৈ কলোঁ, তাই গালে সেইটো! চেনেহী তয়ে এটা গা।

 ( চেনেহীয়ে গায় )--

গীত।

নিকুঞ্জ লতা সপোন মগন,
বাঁহীৰ অমিয়া পি।
বসন্তই বঢ়ালে সপোনৰ ৰাগি
মূৰত হাত বুলাই দি।
মলয়া বতাহে লতাটী জগালে,
মেলিলে ফুলৰ চকু।
জোনায়ে ঢালিলে সুধাৰ নিজৰা,
উপচি পৰিল বুকু॥

 শ, খো, গো,। সুন্দৰ গীতটি! কাৰ ৰচনা? আগেয়ে মই শুনা নাই।

 ৰূপহী। বৃষভানু ৰাজনন্দিনীৰ।

 শ, খো, গো,। কাৰ?

 ৰূপহী। কলীয়াকানুৰ ৰাধাৰাণীৰ।