পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪
[ ৪ৰ্থ অঙ্ক,
চক্ৰধ্বজসিংহ।

 ফুকননী। কিনো বকে ঐ এই বলিয়াজনীয়ে? কাৰ, ভালকৈ নকৱ কিয়?

 ৰূপহী। ভালকৈ কবলৈ গলে কব লাগিব,—গপতে গেলা ফুকননন্দিনীৰ।

(মাক আৰু শদিয়াখোৱা গোহাঁয়ে হাঁহে; আৰু চেনেহী ৰঙা পৰে। )

 শ, খো, গো,। কি চেনেহীৰ? এওঁ এনে সুন্দৰ গীত ৰচনা কৰিব পাৰে বুলি তো মই আগেয়ে নেজানিছিলোঁ!

 ৰূপহী। পাৰে। পাৰে। আৰু কৰিছে। গাব এতিয়া। মইও পাৰোঁ! মইও ৰচনা কৰোঁ। মই ৰচনা কৰা গীত এটা গাম নে?

 শ, খো, গো,। গোৱাঁ।

 (ৰূপহীয়ে গায় )--

শদিয়ালৈ নেযাবা, সত ফুল নেখাবা,
কেচাপাতত নেবান্ধিবা লোণ।
উপজিয়েই বলিয়া হয় কোন?

 চেনেহী। ৰূপহী।

 ৰূপহী। ভুল। শদিয়াখোৱা গোহাঁই।

 শ, খো, গো,। কেনেকৈ?

 ৰূপহী। ওপজা মানে, প্ৰথমতে পৃথিবী দেখা। আপুনি প্ৰথমতে আমাৰ ঘৰলৈ আহি এইখন পৃথিবী দেখি বলিয়া হোৱা