পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
[৪ৰ্থ অঙ্ক,
চক্ৰধ্বজসিংহ।

 ৰূপহী। (গায় )--

“ওৱাক নিন্দে কোৱাই।
পুঠি খলিহাক নিন্দে ভেৰ্ পেটী মোৱাই। ”

 শ, খো, গো। আহাঁ, আহাঁ, ৰূপহী আইদেও আহাঁ, যো- জোনা মাতি থাকিব নেলাগে : তাতকৈ আষাৰচেৰেক নামকে গাই শুনোৱাঁহি।

 ৰূপহী। যাৰ শুনিলে ভাল লাগিব, সেই জনক গাবলৈ নকয় কিয়?

 শ, খো,গো। তোমাৰ শুনিলেই ভাল লাগিব, আহাঁ গোৱাঁহি।

 ফুকননী। (ৰূপহীক) নাগা নো কিয়? ওৰে দিনটো বলিয়ালি কৰি ফুৰিছ, এষাৰ নাম গাবলৈ কৈছে গালে কি হয়?

 ৰূপহী। (গায় )--

“ভিনিহী এ লৈ যা মোক।
ফুলৰে হাঁচটি বৈ দিম তোক॥
ফুলৰে হাচটি মাজতে ফটা।
ভিনিহীৰ নাকটো গুৰিতে কটা॥
শ’ৰা গছৰ সৰু সৰু পাত।
আমাৰ ভিনিহীৰ ওলোৱা দাঁত॥”