পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন, ]
১০১
চক্ৰধ্বজসিংহ।

বেয়া কৰি গৈছিলহি। কত কষ্ট কৰিহে এতিয়া তাক ঠিক কৰিছোঁ।

(ৰূপহীৰ প্ৰবেশ)

 ৰূপহী। ( দূৰৰপৰা)--

“আমৰ গছত ডাব নাৰিকল।
তামোলৰ গছত বেল।
দুটা হাতীয়ে আলচখন পাতিছে,
এন্দুৰৰ গাটত মেল॥”

 ফুকননী। (হাঁহি) আকৌ ওলালিহি নে?

 শ, খো, গো। আহাঁ, আহাঁ ৰূপহী আইদেও, তুমিও আহাঁ, হাতীয়ে মইনা চৰাইৰে সৈতেও মেল পাতিব খুজিছে।

  ৰূপহী। (গায় )--

“লগ লৈ মৰিল বগ।
যাউতীযুগীয়া অকলশৰীয়া,
কত নো পাম গৈ লগ?”

  শ, খো, গো,। ইস্ আজি দেখোন যোজোনাৰ বৰ ধুম পৰি গৈছে? পাবাঁ, পাবাঁ, লগ পাবাঁ, আহাঁ।

  চেনেহী। নিজৰ বৰ বিদ্য়া উলিয়াই দেখুৱাইছে।