পৃষ্ঠা:ঘোৰা নিদান.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

58


৪৫। জোৰা ব্যাধি। (Fever? )

 ঘোৰাৰ জোৰা ব্যাধিয়ে ধৰি থাকে জাৰকালিত ঘৰৰ ভিতৰত বান্ধিব বতাহ নেপাই হেন কৰিব বেঢ়ি জুই জালিব গাৱৰ ঘাম ওলালে গুচাব। পাচে গাৱৰ ঘাম গাৱত মাৰ গলে ঘৰোৰ পৰা উলিয়াব এইৰূপে তিন দিন দিব। পাচে গুৰ এসেৰ, ভাঙ্গ এপোৱা, মোলা ফল এটা তিনিকো একত্ৰ কৰি খুন্দি খুৱাব তিন দিন পুৱা গধুলি ফুৰাব, পাচে মুখত দানা দিব ঘাহ দিব তিন দিন হলে কিছু কিছু মাহ দিব তেবে জোৰা ব্যাধি নাস।


৪৬। টান গু

 ঔষধ —১। সিয়াআতৰুপ আদ পোৱা, জালুক এপোৱা, লোন আদ সেৰ, তেল দিব একত্ৰ কৰি সিজাব মাহেৰে লগ কৰি খুৱাব।

 ২। পিঠাগুৰি এপোৱা, হালধি গুৰি আদ পোৱা, আলান্ধু গুৰি আদ পোৱা, গুৰ আদ পোৱা সবকে লগ কৰি খুৱাব।


৪৭। টান পোৱা।

 ঔষধ—উইৰ মাটি, বনৰিয়া মহৰ গোবৰ, আকন পাত তিনিকো সিজায় ঘোৰা টান পোৱাতে দিব ছাটেৰে কুহুমিয়া কৰি ভাল হই।


৪৮। টোটোলা ব্যাধি।

 লক্ষণ—মুখে লাল বই মুৰ ঘামে টুটলি ফিঙ্কে তাকে টোটোলা ব্যাধি বোলে।

 ঔষধ—১। তেজোমায়াৰ দক্ষিণৰ চাল, বনকচুৰ আলু, মৌসৰালি, জাবৰঙ্গ, আকে বটি বঙ্গলা লোনেৰে খুৱাব তপ্ত পানি খুৱাব তেবে নাস।