পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সেইনিমিত্তে বিশেষ পুৰুষাৰ্থ কৰি যি পাৰিছোঁ, সম্প্ৰতি অলপমান গোটাই এই পুথিৰ শেহত ওপ- ৰঞ্চিকৈ ছপাই উলযাইছোঁ। পূজ্য়তম নৰোত্তম মজিন্দাৰ-বৰুৱা মোৰ মাননীয় ককাদেউতা হয়। মই তেখেতৰ ঘৰৰ জীয়াৰীৰফালৰ নাতিনীয়েক হওঁ; সেইসম্বন্ধত গ্ৰন্থকাৰৰ মই ভতিজাক। অন্তত ইয় কো নকৈ নোৱাৰিলোঁ যে, এই পুথি- খনি খুৰাদেৱে মৰম কৰি তেওঁৰ দেউতাকৰ সং- ক্ষিপ্ত জীৱনীৰে সৈতে ছপাই উলিয়াবলৈ অনুমতি দিয়াত মই ৰংপাই অন্তৰেসমন্বিতে নথৈ শলাগ লৈছোঁ। আৰু তেওঁৰ ওচৰত কৃতজ্ঞতাজৰীৰে আজীৱন কাল বান্ধখাই থাকিলোঁ। ইতি।

ডিব্ৰুগৰ
১|১|১৯০১
শ্ৰীগঙ্গাৰাম চৌধুৰী
প্ৰকাশক