পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৵৹

দেৱৰ স্মৰণ-চিন-স্বৰূপে উৎসৰ্গা কৰা দেখি,বেগেতে ছপাই উলিয়াবৰ নিমিত্তে মোৰ মন বৰ উত্ৰাৱল হবলৈ ধৰিলে। লিখোঁতাই অনুমতি দিলে মই নিজব্য়য়ত ছপা কৰি উলিয়াবৰ ইচ্ছা প্ৰকাশ কৰাত,তেওঁ অনুগ্ৰহ কৰি আদেশ দিলে। এতিয়া অতি বিনীতভাৱে এই পুথিখনি ৰাইজৰ হাতত অৰ্পণ কৰিছোঁ। মোৰ সৰল বিশ্বাস, এইপুথি পঢ়ি সকলোৱে মনত সন্তোষ পাব আৰু গুৰুৰ প্ৰতি ছাত্ৰৰ কিমান ভক্তি শিক্ষা দিছে তাক উত্তমৰূপে বুজিব পাৰিব। ইয়াক ৰাইজে চেনেহৰ চকুৰে চোৱা যেন দেখিলে, লাহে লাহে অন্যান্য পুথিবোৰো প্ৰকাশ কৰি ৰাইজৰ হাতত দিবলৈ মনত বৰ উলাহ পাম, আৰু ছপোৱাৰ সাৰ্থক বুলি ভাবি আন্তৰিক বৰ আনন্দ লভিম।

 সাবশেষত ইয়াকো কোৱা উচিত যে, লিখোঁতাই যাৰ স্মৰণাৰ্থে এই পুথিখনি উৎসৰ্গা কৰিছে ,তেখেতেৰ এফেৰিমান সংক্ষিপ্ত জীৱনীৰে পৰিচয় নিদিয়াকৈ সামৰণিমৰা মোৰপক্ষে নিতান্ত অন্য়ায়।