পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৵৹

 

প্ৰকাশকৰ মন্তব্য


 লিখোঁতাৰ প্ৰকাশিত গ্ৰন্থাৱলীৰ বাহিৰেও পদ্য়, গদ্য, নাটকাদি ভালেমান পুথি ছপা নোহোৱাকৈ হাতে-লিখা অৱস্থাত থকা দেখি, তাৰে কিখনিমান পুথি পঢি চাবলৈ অভিপ্ৰায় কৰাত,মোক মৰম কৰি পঢ়িবলৈ দিলে। মই এখনি এখনিকৈ কেবাখনি নাটকো পঢি চালোঁ। কোনো এখনিকো পঢ়ি বেয়া নেপালোঁ। আটাইকিখন বৰ বিতোপন মন-মোহা পুথি। ঘাটকৈ এই “গুৰুদক্ষিণা” খনি পঢ়ি মনত বৰ তৃপ্তি লভিলোঁ। ই ধৰ্ম্মবিষয়ক পৌৰাণিক নাট। আজি-কালিৰ চলিত ভাষাত পুৰণি বিষয় অতি সুন্দৰৰূপে সজাই দিয়া হৈছে। ইয়াক পঢ়িলে আমনি নেলাগে। আমাৰ ভাষাত ধৰ্ম্মসম্বন্ধীয় উপদেশপূৰ্ণ পুথি হয়মানে ভালৰ কথা। তাতে আকৌ পুথিখিনি গ্ৰন্থকাৰে তেওঁৰ ভক্তিভাজন ৺পিতৃ