পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শুভাশীৰ্ব্বাদ

 শ্ৰীমান গঙ্গাৰাম চৌধুৰী বাপাদেও

 দীৰ্ঘজীবেষু।

প্ৰিয় ভতিজা,

 তুমি "গুৰুদক্ষিণা" নাটখানি পূজ্যতম ৺ পিতৃদেৱতাৰ সংক্ষিপ্ত জীৱনীৰে সৈতে নিজ ব্যয়ত প্ৰকাশ কৰিবলৈ ইচ্ছা কৰাত বৰ সন্তোষ পালোঁ। এনে সাধু ইচ্ছাৰপৰা প্ৰথমতে মাতৃভাষালৈ, দ্বিতীয়তে হিন্দুধৰ্ম্মলৈ আৰু তৃতীয়তে গুৰুসকললৈ তোমাৰ কিমান আন্তৰিক শ্ৰদ্ধা ও ভক্তি আৰু মন কিমান ওখ ও বহল তাক বেচ বুজিব পাৰি৷ মই আত্ম সংযেমেৰে ইয়াৰ প্ৰথম তাঙৰণ উলিয়াবলৈ অনুমতি দিছোঁ৷ পৰমপিতা জগদীশ্বৰৰ ওচৰত তোমাৰ সজবাসনা বাঢ়িবলৈ আৰু সকলো প্ৰকাৰে মঙ্গল হবলৈ প্ৰাৰ্থনা কৰিছোঁ৷ ইতি।

শিৱসাগৰ
২৫৷১৷১৯০১
তোমাৰ মৰমৰ—
 শ্ৰীদুৰ্গাপ্ৰসাদ