পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮

 কেনেকৈ বিদায় হৈ মুনিৰ পঢ়াশালি পাওঁগৈ,
 তাকে ভাবিছোঁ। ব’লক, এটা যাবলৈ দিন
 ঠিক কৰোঁগৈ।

( দৈৱকী, কৃষ্ণ আৰু বলৰামৰ প্ৰস্থান।


চঞ্চ।-মই এতিয়াহে বুজিলোঁ, কলিয়া প্ৰেমৰ খনি।
 ভালেতোহে গোপিনীহঁতে বাঁহীৰ মাতত বিভোল
 হৈ পাগলীৰদৰে ফুৰিছিল। আমি কলিয়াৰ মৌ
 বৰষা মিঠামাতে মোৰ চিত হাৰি নিলে। ঠিক
 কথা, সংসাৰত প্ৰেমেই সুখ। এতেকে প্ৰেম
 লাভল উপায় চিন্তাহে যুগুত। প্ৰেমনো কি?
 ভাল-পোৱা। ভাল-পোৱানে কি? বৰকৈ মৰমেৰে
 ভালপোৱা। বৰকৈ ভালপালেই প্ৰেম হয়। তেন্তে
 সকলোকে ভালপাম। ভালপাম হয়, মোক আকৌ
 অইনে ভালপালে হে হৈছে। ভালপায় কেলৈ? কি
 ভালপায়? দেখিবলৈ ভাল হলে ভালপায়। দেখিবলৈ
 ভাল শুৱনি হলে। মই শুৱনি হওঁনে নহওঁ? অৱশ্য
 হওঁ-কিয় নহম? শুৱনিনো হয় কিহৰপৰা? ৰূপ
 থাকিলে। তেন্তে মোৰ ৰূপ আছে। ৰূপনো কি?
 দেখিবলৈ ধুনীয়া হোৱা। দেখিবলৈ ধুনীয়া হবলৈ
 হলে কি কি লাগে? মূৰত কেচা চুলি, সমান