সমললৈ যাওক

পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দালিম-গুটিযেন দাঁত, সুগোল দেহ, মুখত হাঁহি, চকুত
ঠাৰ, কংসৰ গতি; ইয়াৰ উপৰিও কিছুমান উপায়
আছে যেনে-মূৰত সিন্দুৰ, হাতত খাৰু, খোপাত
ফুল, গাত চিত্ৰ-বিচিত্ৰ কাপোৰ। ঘাই বস্তু
পাহৰিছোঁ—মুখৰ মিঠা মাত। এই আটাইবোৰ গুণ
মোৰ গাত একেলগে নাই বুলিলেও হয়। যিবা
নহক, চেষ্টাৰ অসাধ্য একো নাই। প্ৰেমৰ জগতত
যদি প্ৰেম ঘটিব আৰু বিলাব নোৱাৰিলোঁ তেন্তে
জীৱনেই মিছা।

গীত।


চঞ্চ। এতিয়া আদৰে কোনে মোক?
বয়স দিলেহি ভাটী,  যৌৱন কৰিলোঁ মাটি,
 সহি আছোঁ দিনে ৰাতি, যত মোৰ দুখ।
ডেকাক দেখালে বুকু,  নুঘুৰাই দেখোঁ চকু .
 বুচী বুলি ডাঙে ভুকু, পাওঁ কত দুখ।
যেতিয়া গাভৰু কাল,  গপতেই গল ভাল,
 প্ৰেমক দেখিলোঁ কাল, এতিয়াহে শোক।

(প্ৰস্থান )

⸻⸻