পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৫)

 ভাল কথা হল! মোক ঘৰটো সাৰি ঠাইখন
 অঁটাবলৈ কৈছিল। মই সুখ বিচাৰি থাকোঁতেই
 গল। (ভৰিৰ খোল শুনি) অ’ লোকে ওলাল-
 হিয়েই। (শোটাটো লৈ ঠাই পাৰে। মই কিবা-
 বোৰ হে ভাবিছোঁ-প্ৰেমৰমান সুখ নাই। তালৈকো
 হলোঁ বুঢ়ী৷ বুঢ়া এটা পালে জানিবা হয়।
 বুঢ়াই জানো বুঢ়ী বিচাৰে-বিচাৰে যদি গাভৰু
 হে বিচাৰিব। মই হওঁতে বুঢ়ী হোৱা নাই।
 ভালকৈ মূৰ-গা অঁটাও মুঠেই, ভাল ডেকাটোৰো
 চকু ৰৈ যাব।

( দৈৱকী , কৃষ্ণ আৰু বলৰামৰ প্ৰবেশ)


দৈৱ৷-কত ডেকাৰ চকু ৰৈ যাব অ’ চঞ্চলা?
চঞ্চ-মোৰ কথাবোৰ আই, শুনিলেনে কি?
দৈৱ।-শুনিলোঁতো পাগলী!
চঞ্চ।-তেন্তে ভাবিল কি হব? আই, প্ৰেমৰমান
 জগতত সুখ নাই-নয়নে বাৰু?
বল।-বুঢ়ী তোৰ এই কৰিবৰ মন গল? আহা!
 ৰূপসীৰ ৰূপ চোৱাঁ।। পাগলীৰ চিৰকালেই প্ৰেম।
 যা বুঢ়ী, পৈ বিচাৰি যা। প্ৰেমীকা হৈ ভিতৰত
 সোমাই থাকিলে কত যে পাবি? বেটীৰ কথাৰ
 ভাব চোৱা?