পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪

সুখ। মই তেন্তে সুখী। মোৰ সুখৰ অন্ত নাই। আহা! মই বৰ সুখী। পৃথিবীত যদি সুখী আছে, তেনেহলে ময়েহে মাখেন। আজিৰপৰা ঠিক হল, মই সুখী। বাৰু, চাওঁচোন আৰু কোনোবা মোৰ নিচিনা আছেনে? নাই। বাৰু; মোক ৰাণীয়ে কেতিয়াবা পাগলী বোলে; মই চাওঁতে মই সুখত থকা খিয়ালতহে সেইদৰে গালি-শপনি পাৰে। যদি গালি পাৰে, তেন্তে মই পৰৰ অধীন। পৰা ধীন জীৱৰ নো কত সুখ? পৰাধীন হওঁনে নহওঁ, চাওঁচোন বাৰু। কেতিয়াও মই পৰাধীন নহওঁ। মই যদি পৰাধীন সংসাৰ গোটেইখন পৰাধীন। ৰজানো কি স্বাধীন। ৰায়তৰ কৰ আদায় কৰিব নোৱাৰিলে খাবলৈ তাত নাই। দেশ ৰাখি নেথা- কিলে লোকে কৰ নিদিয়ে। কৰ নেপালে কিহৰ ৰজা? সকলোতকৈ ৰজাকে ডাঙৰ বোলে, তেনে ডাঙৰ ৰজাইও ৰায়তৰ নেপালে খাবলৈ নেপায়। এনেস্থলত ৰজা মোৰ বিবেচনাৰে সুখী নহয়। স্বাধীন নহলে সুখী হব নোৱাৰে-এতেকে স্বাধীন বুলিনো কাক ধৰিম? বাৰু, আই আহক, আজি তেওঁৰে সৈতে এটা মীমাংসা কৰি থিৰ কৰিম।