পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তৃতীয় দৰ্শন

বসুদেৱৰ বৰ-ঘৰ।

চঞ্চলা৷

চঞ্চলা।—(আপোনা-আপুনি) সংসাৰত সুখ কি-তাক

 সঠিক কৰিব মই ইমান দিনেও নোৱাৰিলোঁ। মানুহে

 কয়, দুখ নেপালে সুখ বুজিব নোৱাৰে। মোৰ

 তেন্তে এতিয়া দুখনে সুখ? মানুহে কয়, মই ডাঙৰ

 লোকৰ ঘৰৰ দাসী, মোৰ সমান সুখী অইন কেওঁ

 নাই। কতা? সুখ দেখোন দেখা নাই। যদি

 সুখ দেখা নাই তেন্তে সুখৰ বিপৰীত অৱস্থাই দুখ৷

 তালৈকো হেপাহ পলুৱাই খাইছোঁ, পিন্ধিছোঁ,শুইছোঁ,

 ফুৰিছোঁ, আছোঁ। মই দৈৱকী আইক যি কওঁ, তাকে

 শুনে। অইন কি-মাটিকে সোণ বুলিলে তেওঁৰ

 মানত মাটিয়ে সোণ। নামতহে মই দাসী, কাৰ্য্যত

 ঘৰৰ ঘৈণীজনা। এনেস্থলত, মোৰ এই অৱস্থা দুখ

 নহয়৷ যদি দুখ নহয়, তেন্তে এয়ে মোৰ অৱশ্য