সমললৈ যাওক

পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্বিতীয় দৰ্শন

⸺0⸺

বসুদেৱৰ মাৰল-ঘৰ
বসুদেৱ আৰু দৈৱকী

দৈৱ।-প্ৰাণেশ্বৰ। লৰা দুটি অথনিয়েই ধেমালি কৰিবলৈ
  গল'; এতিয়াও দেখোন ঘূৰি নাহিল!

বসু।-লৰা-মানুহ লগৰীয়াৰ লগত বাহিৰত ধেমালি কৰি
 আছে চাগৈ প্ৰিয়সী, একো চিন্তা নকৰিবাঁ।

দৈৱ।-মোৰ চকুৰ আঁতৰত থাকিলেই নাথ, কব নোৱাৰে।
 কিয় হেৰাই-হেৰাই যেন ভাব হয়। আহা! সিহঁত
 মোৰ ওচৰত থাকিলে হাততে স্বৰ্গ পাওঁ।

বসু। —তুমি হে নেলাগে জগতৰ সকলো মাইকীৰে সন্তানৰ
 নিমিত্তে এনে মৰম আৰু অলপমান পৰো চকুৰ আঁতৰত
 থকা সহিব নোৱাৰে।

দৈৱ।-আহা! সংসাৰত মোৰ সোণাইহঁতৰ বঢ়া অইন
 একো বস্তু নাই। পৃথিবীত যাৰ সতি-সন্তান নাই,
 তাতকৈ দুখীয়া কোন্ আছে। খাবলৈ থক্ বা নথক্ ,
 পিন্ধিবলৈ থক্ বা নথক্, যদি সন্তান-সন্ততি থাকে,

 তেন্তে সি মহত ধনী আৰু সুখী।