পৃষ্ঠা:গুৰুদক্ষিণা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৬)

কৃষ্ণ।-কাক নিম? তুমি আৰু মই।

বল।-অনুমতি লওঁগৈ বলাঁ।

গীত

 আহাঁ আহাঁ কৰোঁ আমি, বিদ্য়া উপাৰ্জ্জন।
 বিদ্যাৰ সমান নাই, সংসাৰত ধন॥
বিদ্য়াৰ গছতে জ্ঞান,  জ্ঞানৰ ফলতে মান,
 নহলে ধৰাত ভাই, মিচাতে জীৱন।
দেউতা-আইক কই,  ঘৰৰ বাহিৰ হই
 অৱশ্য়ে লভিম বিদ্য়া কৰিলে যতন॥

(দুইৰো প্ৰস্থান)