পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮)

বসু।-তুমি স্বৰূপ কৈছাঁ ৰাণী! পুত্ৰমুখ দেখিবলৈ নেপালে
 পৃথিবীত জন্ম লোৱাৰে সাৰ্থক নাই। সেইহে পুত্ৰহীন
 মানুহক দেখিলে যাত্ৰা নাই বোলে। তুমি মহাভাগ্য-
 ৱতী নাৰী। তোমাৰ যহতে ময়ো মহাসুখী।

( বলৰামৰ প্ৰবেশ)।

বল।-( বিনয়েৰে) দেউতা! গোপালে সৌ বাহিৰত কান্দি
 আছে।

দৈৱ।-মোৰ সোণাইৰ কি হল, বলাই? তোমালোকে
 মৰামৰি কৰিছিলাঁনে কি?

বল।-মৰামৰি কৰা নাই। মূৰ্খ হলো বুলি বেজাৰ কৰি
  কান্দিছে।

বসু।--কি মূৰ্খ হল? মোৰ বোপাইৰ সমান জ্ঞানী লৰা
 দেখোন দেখাই নাই। মাতি আনাচোন সোধোঁ,
 মোৰ লাহৰিয়েনো কেলৈ কান্দিছে।

দৈৱ।-যোৱাঁ, মোৰ মইনা যোৱাঁ, বেগেৰে মাতি
  আনাগৈ।

বল।-এই গোপালক মাতিলে নাহে, ঠেহ্ পাতিছে।

বসু।-কি জগৰ লাগিল।তুমি ডাঙৰ,সৰু ভাইটিক
 -জানোঁ ডাবি-হুকি দিব পায়? মৰম কৰি ওমলাইহে
 থাকিব লাগে। তুমি খং কৰিছিলাঁনে কি? কেলৈ