পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰদেৱক বিটো মনুষ্য বোলয়।
কত জনমক লাগি দুৰ্ধোৰ সাঞ্চয়॥
যাৰ কটাক্ষতে হোৱে জগত বিনাশ।
কংসভয়ে তেহো গোকুলত লৈলা বাস॥ ৪০১৫
জৰাসন্ধ ভয়ে যাই সাগৰৰ মাজে।
নিৰ্ম্মিলা দ্বাৰকাপুৰী প্ৰভু যদুৰাজে॥
এতেকে কি তাঙ্ক কেহো মনুষ্য বোলয়।
যাহাৰ চৰণে মহা মুকুতি মিলয়॥ ৪০১৬
পাইলন্ত তনয় শঙ্কৰ যে ভয়তৰি।
এতেকে কি ভৈলা তান মনুষ্যৰ সৰি॥
দেখিয়োক তাত কেন কৰ্ম্ম অদ্ভুত।
জানিব নিশ্চয় তেহো দৈৱকীৰ সুত॥ ৪০১৭
হেন জানি কেহো জনে নিন্দা নকৰিবা।
এহি দোষে যাই ঘোৰ নৰকে পৰিবা।
মহা মহা পাতকী পৰম দুৰাচাৰ।
গুৰুৰ যশলীলা ইটো সমুদ্ৰ অপাৰ॥ ৪০১৮
কুত্তা হুয়া মই তাত সান্থোৰ মেলিলো।
মহামূৰ্খ হুয়া তান চৰিত্ৰ বৰ্ণাইলো॥
বঢ়া টুটা বহুতো হুইলা ঠাই ঠাই।
মূৰ্খ-পশুৰ দোষ ইটো ক্ষমিবে যুৱাই॥ ৪০১৯
অনাদি ঈশ্বৰ কোনে পাইবে তান সীমা।
কিমতে জানিবো মই তাহান মহিমা॥