পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰৰ কথা নমস্কাৰ কৰি থওঁ।
মাধৱদেৱৰ গুণ যশ কিছো কওঁ॥ ৪০২০
জয় জয় মাধৱ দেৱক নমস্কাৰ।
নধৰিব দোষ সাধু সমস্তে আমাৰ॥
মই অতি মূঢ়মতি অজ্ঞানী পশুজাতি।
ক্ষমিবাহা গুৰু মোৰ দোষক সম্প্ৰতি॥ ৪০২১
আগ পাচ বঢ়া টুটা দোষ যেবে হয়।
অজ্ঞানীৰ দোষ বুলি ক্ষমিবে লাগয়॥
দেখা দেখা মই কেনে অজ্ঞানী বৰ্ব্বৰ।
গলে শিল বান্ধি মই মেলিলো সান্থোৰ॥ ৪০২২
শিলা সম তলে যাওঁ সাগৰত পৰি।
চপায়ো কোবৰ মোক দয়াময় হৰি॥
কৰিলোহে তযু যশ যিবা মনে ধৰে।
পদ কৰিবাৰ দোষ ক্ষমিবা শঙ্কৰে॥ ৪০২৩
হৃদয়ত থাকিয়া মোক শিক্ষা দিলা যিবা।
তাকেসে লিখিলো আবে চৰণে নেৰিবা॥
নধৰিবা পাপ দোষ মই কুকুৰৰ।
এতেকে মোহক কৃপা কৰিয়ো শঙ্কৰ॥ ৪০২৪
হে প্ৰাণ দৈৱকীনন্দন দেৱপতি।
তোমাৰ চৰণ কৰো সহস্ৰ প্ৰণতি॥
শঙ্কৰ চৰিত্ৰ অতি গঙ্গা জল প্ৰায়।
আটায়ে অমৰ হোৱে তাক যিবা খাই॥ ৪০২৫