সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এহিমতে সুখে দুখে থাকিলন্ত তথ।
অতি আনন্তৰে পাচে শুনা পাচ কথা॥ ৪০০৯
বান্দী গোলাম লোক আছিল যত যত।
শঙ্কৰৰ পাচতে সকলে গুচিলন্ত॥
পাত খৰি থালিক দিয়ান্তা আৰ নাই।
এহিমতে দুখে কত দিন বহি যাই॥ ৪০১০
পুৰুষোত্তমৰ ভৈলা বৰিষ যে সাত।
এক দিনা তেহো কাটিবাক গৈলা পাত॥
দাৱ জুৰি ৰপা দিলা কলাৰ পাতত।
পাত খানি আসি তাৰ পৰিলা বুকুত॥ ৪০১১
বহিবে লাগিলা তেজ গাৱে ঘাৱ ভৈলা।
গোসানী দেখিয়া যাই সাৱটি ধৰিলা॥
কান্দি কাতি দুখ কৰি আসিলন্ত ঘৰে।
তেজ ঘাৱ দেখিয়া কান্দিয়া সবে মৰে॥ ৪০১২
আশা ছেদ আমাসাৰ কৰ কেনে বাপ।
এহি বুলি দুয়ো আই কৰন্ত বিলাপ॥
কান্দি কাতি সবে যবে এহিমতে ৰৈলা।
শঙ্কৰদেৱৰ কথা এহিমানে গৈলা॥ ৪০১৩
ভাৰ্য্যা পুত্ৰ নাতিক একেটি বুলি ধৰা।
শঙ্কৰৰ শৰীৰতে এক ঠাই কৰা
হেন জানি কেহো নকৰিবা ভিন্ন পৰ।
দেখিয়োক সবে হাত পাৱ শঙ্কৰৰ॥ ৪০১৪