পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঠাকুৰক দেখিয়া দিলন্ত পিৰা আনি।
সুধিলা চৌধাৰী কথা বুলি প্ৰিয়বাণী॥
কি কাৰণে আসি আছ তুমি মোৰ ঠাই
কহিয়োক কথা মোক শুনো বহিনাই॥ ৪০০৪
হেন শুনি ঠাকুৰে বুলিলা পাচে তাঙ্ক।
বউক নিবাক আই পঠালে আমাক॥
চৌধাৰী শুনিয়া তাঙ্ক বুলিলন্ত পাচে।
গুনা বহিনাই তুমি এক কথা আছে॥ ৪০০৫
দুইকুৰি টকা আমি বেহাৰে আছো ভৰি।
তোমাৰ ঘৰত আমি পঠাবো কেন কৰি॥
হেন কথা শুনি আই সিঠায়ে আসিলা।
শাহুআই কেনে আছে বাৰ্ত্তাক সুধিলা॥ ৪০০৬
থিয় হই আই মহা মৰ্ম্মে কথা কয়।
দেৱৰক দেখি আই আনন্দ কৰয়॥
হেন দেখি চৌধাৰী বোলত যোৱা আই।
আপোনাৰ ঘৰে তুমি সুখে থাকা আই॥ ৪০০৭
অনন্তৰে আই দেৱৰৰ লগে গৈলা।
পুত্ৰসমে যাই নিজ ঘৰত ৰহিলা॥
গোসানীৰ দেখি আনন্দৰ সীমা নাই।
শাহুৰ চৰণে পৰি কান্দিলত যাই॥ ৪০০৮
পুৰুষোত্তমৰ গলে ধৰি বুঢ়ীআই।
কান্দিলা আনক স্বামী পুত্ৰক বিনাই॥